WATCH | Jamugurihat News : আটছাৰ তেজপুৰ শাখাক অবৈধ আৰু অসংবিধানিক ঘোষণা বালিপৰা,পৰুৱা আৰু বিন্দুকুৰি উপশাখাৰ
জামুগুৰিহাট,১৮জুন : অলপতে গঠন হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তেজপুৰ শাখাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে শোণিতপুৰৰ বালিপৰা ,পৰোৱা আৰু বিন্দুকুৰি উপশাখাৰ সদস্য সকলে ।
তেওঁলোকে কোনোপধ্যেই মানি নলয় নতুনকৈ গঠন হোৱা আটছাৰ তেজপুৰ শাখা সমিতি খনক ।
তেওঁলোকৰ অভিযোগ বালিপৰা উপশাখা,পৰোৱা উপশাখা আৰু বিন্দুকুৰি উপশাখাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে গঠন কৰিছে তেজপুৰ শাখা। আটছাৰ কেন্দ্ৰীয় সমিতিক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে তেজপুৰ শাখা ভংগ কৰিবলৈ ৷ অন্যথা বালিপৰা ,পৰোৱা,আৰু বিন্দুকুৰি উপশাখাই বিকল্প পথ বাচি লব বুলি হুংকাৰ প্ৰদান কৰিছে(Jamugurihat News)।
উল্লেখ্য যে , যোৱা ১২ জুনত ৰঙাপৰাৰ বৰজুলি চাহ শ্ৰমিক কল্যান কেন্দ্ৰত অনুষ্ঠিত এক সভাত গঠন হৈছিল তেজপুৰ শাখা সমিতিখন ৷ নতুনকৈ গঠন হোৱা তেজপুৰ শাখা সমিতিৰ বিৰুদ্ধে তিনিটাকৈ উপ শাখাই উত্থাপন কৰা অভিযোগক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে কি পদক্ষেপ গ্ৰহন কৰিব সেয়া লক্ষনীয় হ’ব৷
লগতে পঢ়ক : WATCH | Jamugurihat News : ৰঙাপৰাত নিৰ্মানৰ পাছতেই খহিল পথৰ কাষৰ গাৰ্ড ওৱাল