WATCH | Jamugurihat News : ৰঙাপৰাত নিৰ্মানৰ পাছতেই খহিল পথৰ কাষৰ গাৰ্ড ওৱাল

জামুগুৰিহাট,১৮জুন : ৰঙাপৰাত ৰাইজৰ যাতায়তৰ সুবিধাৰ অৰ্থে ঘইৰালি ভেলোৱাটাৰ সংযোগী পথত নিৰ্মান কৰা হৈছিল এটি কালভাৰ্ট ৷ কিন্তু নিৰ্মানৰ পাছতেই কালভাৰ্টৰ কাষৰ গাৰ্ড ওৱালখন খহি পৰাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে(Jamugurihat News)৷ ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে গাৰ্ড ওৱাল নিৰ্মান কৰাৰ অভিযোগ কৰিছে ৰাইজে ।
আনকি গাৰ্ড ওৱালত কোনো ধৰণৰ ৰ’ড ব্যৱহাৰ নকৰাৰ বাবেই এনে দৰেই গাৰ্ড ওৱালখন খহি যোৱা বুলি ৰাইজে অভিযোগ কৰিছে ৷ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে ঘইৰালি – ভেলোৱাটৰ সংযোগী পথত নিৰ্মান কৰা কালভাৰ্টটোৰ সুৰক্ষাৰ অৰ্থে নিৰ্মান কৰা গাৰ্ড ওৱালখনৰ কাষত মাটি দিয়াৰ লগে লগেই এনেদৰেই খহি পৰিল পকীৰ গাৰ্ডৱাল খন ৷ ৰাইজে ইয়াৰ এক উচিত তদন্ত কৰিবলৈ স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে ৷
লগতে পঢ়ক : WATCH | Self Reliance through Farming: জামুগুৰিহাটত মহিলাই কৰিছে কৃষিকৰ্ম