WATCH | Self Reliance through Farming: জামুগুৰিহাটত মহিলাই কৰিছে কৃষিকৰ্ম
জামুগুৰিহাট,১৮জুন : জামুগুৰিহাটৰ এগৰাকী মহিলাই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ২ নং বালিচাপৰি গাঁওখনৰ মহিলা কৃষক দীপিকা উপাধ্যায়ে ড্ৰেগন ফলৰ (ড্ৰেগন ফ্ৰুইটচ) খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷
সম্প্ৰতি এইগৰাকী গ্ৰামাঞ্চলৰ মহিলা আন দহগৰাকী মহিলাৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰা দেখা গৈছে। নিজৰে প্ৰায় আঢ়ৈ বিঘা পৰিত্যক্ত ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঔষধি গুণযুক্ত এই ড্ৰেগন ফলৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জানিবলৈ দিছে মহিলা কৃষক গৰাকীয়ে(Self Reliance through Farming)৷
মানৱ শৰীৰ তথা সু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাবে উপযোগী এই ড্ৰেগন ফল সেৱন কৰি বিভিন্ন ধৰনৰ ৰোগৰ উপশম লাভ কৰিব পৰা যায় বাবেই বৰ্তমান বজাৰত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ সেইবাবেই নিজৰ কৃষিপথাৰত উৎপাদিত ড্ৰেগন ফল সমুহৰ প্ৰতি কেজি ২০০ ৰ পৰা ২৫০ টকা দৰত বিক্ৰী কৰি মহিলা কৃষক গৰাকীয়ে বছৰি উপাৰ্জন কৰিছে কেইবালক্ষাধিক টকা৷
নিজৰ ঘৰুৱা এশ এবুৰি কামকাজৰ মাজতো সময়ৰ সদ ব্যৱহাৰ কৰি দীপিকা উপাধ্যায়ে এনেদৰেই কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বিষয়টোৱে এতিয়া সমাজত বিশেষভাবেই চৰ্চ্চা লাভ কৰিছে৷ মহিলা কৃষক দীপিকা উপাধ্যায়ে জানিবলৈ দিয়া মতে চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা সু দিহাপৰামৰ্শ আৰু প্ৰয়োজনীয় সহায় সহযোগীতা লাভ কৰিলে তেও কৃষিকৰ্মৰ পৰিষৰ বৃদ্ধি কৰি আৰু অধিক লাভৱান হোৱাটো নিশ্চিত ৷
লগতে পঢ়ক : WATCH | Sivsagar News : শিৱসাগৰৰ ভটিয়াপাৰত অ এন জি চিৰ সংবাদমেল