WATCH | Sivsagar News : শিৱসাগৰৰ ভটিয়াপাৰত অ এন জি চিৰ সংবাদমেল
শিৱসাগৰ,১৮জুন : শিৱসাগৰৰ ভটিয়াপাৰত অ এন জি চিৰ সংবাদমেল ।
ভটিয়াপাৰ বনগাঁও হাইস্কুলত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত সংবাদমেল সম্বোধন কৰে অ এন জি চি কৰ্তৃপক্ষই।
শিৱসাগৰ জিলাৰ ভটিয়াপাৰ বাৰীচুকৰ অ এন জি চিৰ ১৪৭(ক) তৈলখাদ আৰু ১৩৫ নম্বৰ ৰিগত বিগত ১২ জুন তাৰিখৰ পৰা বৰ্তমানলৈকে গেছ নিৰ্গমন হৈ থকা সন্দৰ্ভত সংবাদমেল অ এন জি চি কৰ্তৃপক্ষৰ(Sivsagar News)।
সংবাদমেল সম্বোধন কৰে অ এন জি চি অসম এছেটৰ ই দি ভাস্কৰ চৌধাৰীয়ে(Nettem)। সংবাদমেলত অ এন জি চি অসম এছেটৰ ই দি ভাস্কৰ চৌধাৰীয়ে কয়, ‘গেছ নিয়ন্ত্ৰণৰ বাবে আমি প্ৰচেষ্টা চলাই আছো।’
‘জিলা প্ৰশাসনৰ সহযোগিতাৰ আমি তেওঁলোকক ধন্যবাদ জনাইছো ।’
‘গেছ নিৰ্গমনৰ বিষয়টো আমি সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছো ।’
‘পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণতেই আছে । কিন্তু গেছ নিৰ্গমন কেতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব সেই বিষয়ে এতিয়াও সঠিককৈ কব নোৱাৰি।’
‘আমাৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে সুন্দৰকৈ কাম কৰি আছে ।’
‘আমি দেশৰ লগতে বিদেশৰ বিশেষজ্ঞৰ সৈতে কথা পাতি তেওঁলোকৰ পৰামৰ্শ অনুসৰি কাম কৰি গৈছো।’
‘গেছ নিৰ্গমন হোৱা অংশত পানী মাৰি শীতলীকৰণ কাৰ্য্য অতি জৰুৰী আৰু বিশেষজ্ঞসকলে এই পৰামৰ্শ আগবঢ়াইছে । গতিকে সেই কাৰ্য্য আমি অব্যাহত ৰাখিছো।’
‘আমাৰ বি অ পিৰ সকলো কাৰিকৰী দিশ ঠিকেই আছিল।’
শিৱসাগৰৰ পৰা এটাৰ পাছত এটা অ এন জি চিৰ কাৰ্য্যালয় স্থানান্তৰ কৰা বিষয়টো সম্পূৰ্ণ মিছা । অ এন জি চিয়ে যি স্থানৰ পৰা তৈলখনন কৰিছে সেইস্থানৰ উন্নয়নৰ বাবে অ এন জি চিয়ে কাম কৰিছে । এছ কে পেট্ৰৰ বিৰুদ্ধে ইতিমধ্যে অ এন জি চিয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ পৰা আমি শিক্ষা লৈছো যাতে এনেকুৱা ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আমি চেষ্টা কৰিম ।
এছ কে পেট্ৰৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই নিয়ম অনুসৰি অ এন জি চিয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিব। শিৱসাগৰত এছ কে পেট্ৰৰ বৰ্তমানেও ৬ টাকৈ ৰিগে কাম অব্যাহত ৰাখিছে।
লগতে পঢ়ক :WATCH | Silchar News : ভাঙি পৰিল কালাইন-শিলচৰ পথৰ হাৰং দল