WATCH | Gaurav Gogoi :দুদিনীয়া কাৰ্যসূচীৰে মাহমৰাত APCC ৰ সভাপতি গৌৰৱ গগৈ
সোণাৰি,১৭জুন : দুদিনীয়া কাৰ্যসূচীৰে মাহমৰাত APCC ৰ সভাপতি গৌৰৱ গগৈ। মাহমৰা সমষ্টিৰ ৭ ঠাইত সাংসদ পুঁজিৰ আঁচনিৰ শিলান্যাস কৰে সভাপতি গৌৰৱ গগৈয়ে।
শিলান্যাস কৰি গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে(Gaurav Gogoi)।
অসম চৰকাৰে উচ্ছেদ চলোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৈৰৱ গগৈয়ে কয়- ‘বৰ্তমান অসম চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলে ভোগ দখল কৰি থকা মাটি উচ্ছেদ কৰি মামা-মামী নিজে ক্ৰয় কৰিছে আৰু আদানী-আম্বানীকে প্ৰমূখ্য কৰি বহিঃৰাজ্য কোম্পানীক গতাই দিছে।’
‘মামা-মামী আৰু তেওঁলোকৰ আত্মীয় পৰিয়ালে লগতে বিজেপিৰ মন্ত্ৰী সকলে ক্ৰয় কৰা বিশাল ভূমি বহিঃৰাজ্য কোম্পানীক দিয়ক আমাৰ তাত ক’ব লগীয়া নাই কিন্তু থলুৱা খিলঞ্জীয়া ভূমি উচ্ছেদ কৰিবলৈ জাতীয় কংগ্ৰেছে কেতিয়াও নিদিয়ে তাৰ বাবে ৰাইজৰ সৈতে প্ৰতিবাদ অব্যাহত ৰাখিবৰ বুলি কয়। ধুবুৰী কাণ্ডৰ সন্দৰ্ভত আইন শৃংখলা ৰক্ষা কৰাত বৰ্তমান অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে।’
মৃণাল শইকীয়াই কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়- ‘এইয়া কেৱল মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া নহয় এই প্ৰতিক্ৰিয়া সকলোৰে বুলি উল্লেখ কৰে।
অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ মুখ্যমন্ত্ৰী অপৰাধ শাখাই তদন্ত কৰা সন্দৰ্ভত কয়- দূৰ্নীতি হোৱা সকলো ক্ষেত্ৰতে তদন্ত কৰিব লাগে। বৰ্তমান জলজীৱন আঁচনি আৰু লোকনিৰ্মাণ বিভাগত হৈ আছে বৃহৎ দুৰ্নীতি । গতিকে মুখ্যমন্ত্ৰীয়ে জলজীৱন মন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আৰু গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী দূৰ্নীতিৰ তদন্ত কৰক বুলি কয়।
লগতে পঢ়ক : WATCH | Naagaon News : নগাঁৱত উদ্ধাৰ হোৱা কিশোৰীৰ পৰিচয় উদ্ধাৰ