Local, Vocal, Global

WATCH | Jamugurihat News :জামুগুৰিহাটত এজনী গাই গৰুক লৈ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ

জামুগুৰিহাট,১৭জুন : জামুগুৰিহাটৰ এখন গাঁৱত এতিয়া আতংকময় পৰিৱেশ সৃষ্টি কৰিছে এজনী গাই গৰুৱে ৷ এই গাই গৰুজনীক কেন্দ্ৰ কৰিয়েই এতিয়া গাঁৱখনৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লৈ সকলো ঢাপলি মেলিব লগা হৈছে কুসুমটোলা আদৰ্শ চিকিৎসালয়লৈ ৷

এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ টলকাবাৰী গাঁৱত ৷ জামুগুৰিহাটৰ টলকাবাৰী গাঁৱৰ এটি পৰিয়ালৰ এজনী গাই গৰুৱে অস্বাভাৱিক আচৰণ কৰাত আৰু পৰৱৰ্তী সময়ত চিকিৎসকে গৰুজনী ৰেবিজ ৰোগত আক্ৰান্ত বুলি নিশ্চিত কৰাত হাহাকাৰ সৃষ্টি হয় গাওঁবাসীৰ মাজত(Jamugurihat News)৷

দুদিন পূৰ্বে গৰুজনীৰ গৃহস্থই ঘৰত আয়োজিত এক মাংগলিক অনুষ্ঠানত গাওঁৰ একাংশ লোকক নিমন্ত্ৰণ কৰি গৰুজনীৰ গাখীৰৰে সিৰ তৈয়াৰ কৰি আপ্যায়ন কৰিছিল ৷ কিন্তু আজি গৰুজনীয়ে অদ্ভুদ আচৰণ তথা ৰেবিজত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত গাওঁবাসীৰ মাজত হাঁহাকাৰ পৰিৱেশ সৃষ্টি হয়।এতিয়া ৰেবিজৰ বেজি লবলৈ চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি এই আতংক ওচৰ চুবুৰীয়া গাওঁ সমুহলৈও বিয়পি পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : WATCH | Woman goes missing : শোণিতপুৰত নিৰুদ্দেশ বিবাহিতা মহিলা