WATCH | Woman goes missing : শোণিতপুৰত নিৰুদ্দেশ বিবাহিতা মহিলা
জামুগুৰিহাট,১৭জুন : শোণিতপুৰৰ চাৰিদুৱাৰৰ মৰিসুতিৰ পৰা এগৰাকী বিবাহিতা মহিলা সন্ধানহীন ৷ উৰ্বশী মালা নামৰ বিবাহিতা মহিলা গৰাকী নিৰুদ্দেশ।
বিগত এমাহ ধৰি নিৰেুদ্দেশ হৈ আছে বিবাহিত মহিলা গৰাকী ৷ এবছ পূৰ্বে মৰিসুতিৰ উৰ্বশী মালাৰ নামৰ বিবাহিত মহিলাগৰাকী বিয়া হৈছিল তামুলপুৰত ৷ এমাহ পূৰ্বে চাৰিদুৱাৰৰ মৰিসুতিৰ নিজৰ মাকৰ ঘৰলৈ আহিছিল উৰ্বশী(Woman goes missing) ৷
চাৰিদুৱাৰ সমীপৰ লোক্ৰাৰ ভনীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছৰে পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান নোপোৱাত চাৰিদুৱাৰ থানাত এখন এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক : WATCH | Chapar News : দ’ খাৱৈত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ