WATCH | Nalbari News : নলবাৰী জিলাৰ বৰক্ষেত্ৰী খেতি কৰি বিপদত কৃষক
নলবাৰী,১৬জুন : নলবাৰী জিলাৰ বৰক্ষেত্ৰী খেতি কৰি বিপদত কৃষক ৷ ধানৰ পৰিৱৰ্তে ওলাইছে পতান৷ মূৰে-কপালে হাত দিছে অসহায় কৃষকে৷ বৰক্ষেত্ৰীত কৃষকৰ হাহাকাৰ অৱস্থা৷
ঘটনা সংক্ৰান্তত চক্ৰ বিষয়াৰ জৰিয়তে জিলা আয়ুক্তক লিখিত আবেদন কৰিছিল বৰক্ষেত্ৰীৰ কৃষকসকলে। আজি কৃষক প্ৰতিনিধিসকলে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ আহি চক্ৰ বিষয়াৰ লগতে কোনো প্ৰতিনিধি আগুৱাই অহা নেদেখি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে(Nalbari News)।
চৰকাৰ প্ৰশাসন হায় হায়, কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে বৰক্ষেত্ৰীৰ আকাশ বতাহ।
উল্লেখ্য যে, বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাৰ উদ্যোগত অৱস্থান ধৰ্মঘট কৰি পিছত পদপথেৰে সমদল বাহিৰ কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়াৰ লগতে কাৰ্যালয়ৰ কোনো প্ৰতিনিধি আগুৱাই নহাত ক্ষোভ প্ৰকাশ কৰে শ্ৰমিক কৃষকসকলে।
লগতে পঢ়ক : WATCH | Jal Jeevan Mission Scheme: দক্ষিণ শালমাৰাত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি