Local, Vocal, Global

WATCH | Abhayapuri eviction : গোৱালপাৰাৰ হাছিলা বিলত চৰকাৰৰ উচ্ছেদ অভিযান

গোৱালপাৰা, ১৬ জুন : গোৱালপাৰা জিলাৰ হাছিলা বিল অঞ্চলত চৰকাৰৰ উচ্ছেদ অভিযানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত প্ৰায় ১৫০০ বিঘা ভূমিত বসবাস কৰি অহা ৬৬৭টা পৰিয়ালৰ ঘৰ-দুৱাৰৰ ওপৰত চলিছে চৰকাৰৰ বুলড’জাৰ। জিলা প্ৰশাসনৰ তৰফৰ পৰা দুদিন পূৰ্বে জাৰি কৰা জাননীৰ পিছত এই কাৰ্যসূচী হাতত লোৱা হৈছে। বৰ্তমানলৈকে অভিযানৰ প্ৰায় ৫০ শতাংশ সম্পূৰ্ণ হৈছে।

জিলা প্ৰশাসনে জাৰি কৰা জাননীৰ পিছত প্ৰায় ৩০ শতাংশ লোকে নিজৰ ঘৰ-বাৰী নিজে আঁতৰাই লৈছে। কিন্তু যি সকল লোকে নিজৰ সম্পত্তি আঁতৰোৱা নাছিল, তেওঁলোকৰ ঘৰ-দুৱাৰৰ ওপৰত প্ৰশাসনৰ বুলড’জাৰ চলিছে। উল্লেখযোগ্য যে, এই অঞ্চলত প্ৰায় ৭০-৮০ বছৰ ধৰি বসবাস কৰি অহা এই পৰিয়ালসমূহে চৰকাৰৰ পৰা বিদ্যুৎ, চৰকাৰী বিদ্যালয় আৰু অন্যান্য সা-সুবিধা লাভ কৰি আহিছিল। কিন্তু আজিৰ এই উচ্ছেদ অভিযানত তেওঁলোকৰ সেই ঘৰবোৰ ভাঙি চুৰমাৰ কৰা হৈছে।

ইফালে ছাত্ৰ নেতা জাকিৰ হুছেইনক উচ্ছেদস্থলীত প্ৰৱেশ কৰোঁতে বাধা দিয়ে আৰক্ষীৰ ।

অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে যদিও নিজৰ চকুৰ সন্মুখত নিজৰ ঘৰ ভাঙি যোৱা দেখি বহু লোকৰ হৃদয় বিদাৰক দৃশ্যৰ সৃষ্টি হৈছে। কান্দোন আৰু হাহাকাৰৰ মাজেৰে বহু লোকে চৰকাৰৰ পৰা পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ দাবী জনাইছে। “আমাক গুলীয়াই মাৰক, কিন্তু আমাৰ ঘৰ ভাঙি আমাক উচ্ছেদ নকৰিব,” এইদৰে কাতৰ আৰ্তনাদ কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে।

লগতে পঢ়ক : WATCH | Abhayapuri eviction : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মন্দিৰ-সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ