WATCH | Abhayapuri eviction : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মন্দিৰ-সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ
বঙাইগাঁও,১৬জুন : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মন্দিৰ-সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান।
বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ ৬ নং ভাণ্ডাৰাত মন্দিৰ-সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান(Abhayapuri eviction)।
শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ ৩৪৯ বিঘা ভূমি একাংশ লোকে বিগত ২৫ বছৰ ধৰি বেদখল কৰি অহাৰ অভিযোগ। আজি বঙাইগাঁও জিলা প্ৰশাসনে ২৭ টা পৰিয়ালক উক্ত ভূমিৰ পৰা উচ্ছেদ কৰি বেদখলমুক্ত কৰে। বেদখলকাৰী সকলক জিলা প্ৰশাসনে কেইবাবাৰো বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়।
উচ্ছেদস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত।
লগতে পঢ়ক :WATCH | Barpeta News : নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহ