WATCH | Minor abducted from Barpeta : বৰপেটাৰ সৰ্থেবাৰীৰ গৰেমাৰীত নাবালিকাক অপহৰণ
বৰপেটা,১৬জুন : বৰপেটাৰ সৰ্থেবাৰীৰ গৰেমাৰীত নাবালিকা অপহৰণৰ ঘটনা । মজিদৰ ইমামে এই অপহৰণ কৰাৰ অভিযোগ।
পূব বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেশালিত নাবালিকা অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকে। গাদেশালি-গৰেমাৰী জামে মজিদৰ পৰা বৰ্খাস্ত হোৱা ইমামে কৰিলে এই ঘটনা(Minor abducted from Barpeta)।
গৰেমাৰী গাঁওৰ ইব্ৰাহিম আলী ওৰফে (ৰাজু) ৰ দশম শ্ৰেণীৰ ছাত্ৰী নাৰ্জু আহমেদ (১৫) ক মজিদৰ ইমামে টিউচন কৰাৰ চলেৰে অপহৰণ কৰিছে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে । ইমাম জনৰ ঘৰ বৰপেটা জিলাৰ কুকাৰ পাৰৰ কঁঠালভূড়ি গাঁৱৰ মনোৱাৰ হুছেইন (৪৫) বুলি জানিব পৰা গৈছে।
মনোৱাৰ হুছেইন দুই সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মূহূৰ্ত লৈকে পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু আৰক্ষীক আহ্বান জনাই যে যাতে নবালিকা কিশোৰী গৰাকীক উদ্ধাৰ কৰাত সহায় কৰে।
লগতে পঢ়ক : WATCH | Hajo News : সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলিল হাজোৰ এগৰাকী ছাত্ৰ