Local, Vocal, Global

WATCH | Hajo News : সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলিল হাজোৰ এগৰাকী ছাত্ৰ

হাজো,১৬জুন : চলিত বৰ্ষৰ সৰ্ব ভাৰতীয় NEET পৰীক্ষাত উজলি উঠিল হাজোৰ বঙালপাৰা ২ নং ভেলকৰ গাঁওৰ এগৰাকী ছাত্ৰ। মুঠ ৫২৯ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্য্যায়ত২৪৪৮১ ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাবী ছাত্ৰ মিলাদুল ৰহমানে(Hajo News)।

তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰ সকল। অতি পিছপৰা অঞ্চলৰ পৰা গৈ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে ছাত্ৰ গৰাকীয়ে।

সৰুৰে পৰা অতি মেধা সম্পন্ন ছাত্ৰ গৰাকীয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল হাজোৰ বঙালতোলাৰ ছিদ্দিক আলি জাতীয় বিদ্যালয়ত। উল্লেখ্য যোগ্য যে এতিয়ালৈকে জাতীয় বিদ্যালয় খনৰ পৰা সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত ৬ গৰাকীকৈ ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক : WATCH | Heated situation : ৰঙাপৰাত বাহন ভঙাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি