WATCH | Road Accident : গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
গোৱালপাৰা,১৬জুন : গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু মেজিক বাহনৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰ ভাৱে আহত দুজন।
গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত নেপালীখুতিত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত দুধনৈ-গোৱালপাৰা সংযোগী ৪৬ নং ৰাজ্যিক ঘাইপথত দুখন বাহনৰ মাজত মুখা মুখি সংঘৰ্ষ(Road Accident)।
ঘটনাস্থলীত ১০৮ এম্বুলেন্স সেৱা উপস্থিত হৈ দুৰ্ঘটনাটোত আহত বাইক চালক আৰু আৰোহী দুয়োকে সংকটজনক অৱস্থাত গোৱালপাৰা ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
জানিব পৰা অনুসৰি, বাইকত অহা এগৰাকী মহিলাৰ লগতে এজন পুৰুষ গুৰুতৰভাৱে আহত হয়। আনহাতে মৰনৈ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত অসম লেখিকা সমাজৰ উদ্যোগত আন্তজাৰ্তিক মাতৃ দিৱস পালন