WATCH | Jagiroad News : জাগীৰোডত অসম লেখিকা সমাজৰ উদ্যোগত আন্তজাৰ্তিক মাতৃ দিৱস পালন
জাগীৰোড,১৬জুন : অসম লেখিকা সমাজৰ উদ্যোগত আন্তজাৰ্তিক মাতৃ দিৱস পালন ৷ অসম লেখিকা সমাজৰ উদ্যোগত আৰু মৰিগাঁও জিলা লেখিকা সমাজৰ সহযোগত জাগীৰোডৰ বহুমূখী প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে দিৱসটি ৷ সমাজত সফল মাতৃৰূপে প্ৰতিষ্ঠিত ৬ গৰাকী মাতৃক সফল মাতৃ বঁটা প্ৰদান কৰা হয় ৷
আচলতে ১১ মে’ মাতৃ দিৱসৰ দিনা পালন কৰিবলগীয়া অনুষ্ঠানটো দেশৰ বিশেষ পৰিস্থিতিৰ বাবে বাবে স্থগিত ৰাখিছিল ৷ সেয়ে মাতৃ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত অনুষ্ঠানটোত পুৱাৰ ভাগত বন্তি প্ৰজ্বলনৰে আৰম্ভণি কৰে মাতৃ দিৱসৰ কাৰ্যসূচী(Jagiroad News) ৷ অসম লেখিকা সমাজৰ সভানেত্ৰী পদুমী গগৈৰ পৌৰাহিত্যত বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ সঞ্চালিকা মনিকা ৰেহেনে৷ ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে তামুলপুৰ জিলা সমিতিৰ অসম লেখিকা সমাজৰ সভানেত্ৰী মাধুৰী দাসে ৷ বৃক্ষ ৰোপন কৰে অসম লেখিকা সমাজৰ উপ-সভানেত্ৰী দিপ্তী গগৈ বৰুৱাই ৷
আনহাতে থলুৱা শিল্পৰ প্ৰদৰ্শনী “অতুলনীয় বৈভৱৰ দ্বাৰ উদ্ধোধন কৰে ডিব্ৰুগড় জিলা জিলা সমিতিৰ সভানেত্ৰী মধুমিতা দত্তই ৷ এই প্ৰদৰ্শনীত বিভিন্ন থলুৱা শিল্পৰ সমাহাৰ ঘটা দেখা গ’ল ৷ ইফালে জোনবিল নামৰ প্ৰচীৰ পত্ৰিকাখনি উদ্ধোধন কৰে মৰিগাঁও জিলা বিশিষ্ট সংগঠক জ্যোতিষ বৰ্মনে ৷ উক্ত অনুষ্ঠানত অসম লেখিকা সমাজৰ দ্বাৰা “অমৃত নন্দী” নামৰ এক ভক্তিমূলক গীতৰ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ লেখিকা সমাজে অংশগ্ৰহণ কৰা দেখা গ’ল ৷ সমাজৰ মুকলি সভা উদ্ধোধন কৰে আয়ুক্ত নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷
এই মুকলি সভাতে জ্যোতি মালাকাৰ কাকতিৰ কাব্যগ্ৰন্থ “সাগৰিকা মোৰ মানসকন্যা“ উন্মোচন কৰে আয়ুক্ত গৰাকীয়ে ৷ উক্ত মুকলি সভাতে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৬ গৰাকী মাতৃক সফল মাতৃ বঁটা প্ৰদান কৰা হয় ৷ স্নেহময়ী গান্ধাৰী গগৈ সোৱঁৰনি সফল মাতৃ বঁটা আগবঢ়োৱা হয় মৰিগাঁও জিলাৰ জালুগুটিৰ বীনাপ্ৰভা দাসলৈ ৷ লগতে প্ৰেৰনাময়ী মাতৃ বঁটা প্ৰদান কৰা হয় জাগীৰোডৰ অনিতা কোঁৱৰ, মৰিগাঁৱৰ হিৰনবালা ৰাজকুমাৰী, বিদ্যৱতী দেৱী, লাৱন্য দেৱী, আৰু বন্দনা দেৱীলৈ ৷ অনুষ্ঠানটোত বিচিত্ৰানুষ্ঠান ”বহুৰঙী“ৰে সামৰনি পৰে অসম লেখিকা সমাজৰ এই অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অসম লেখিকা সমাজৰ প্ৰধান সম্পাদিকা বৰ্নালী দত্ত বৰা, মৰিগাঁও জিলাৰ সভানেত্ৰী হেমলতা শৰ্মা, সম্পাদিকা ৰেখামনি বুঢ়াগোহাঁইৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লেখিকা সমাজৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা সাংস্কৃতিক প্ৰকল্পত বিশেষ সম্বৰ্ধনা অনুষ্ঠান