WATCH | Chapar News : চাপৰত দুষ্কৃতিকাৰীয়ে ভাঙিলে মূৰ্তি
চাপৰ,১৬জুন : এইবাৰ চাপৰত দুষ্কৃতিকাৰীয়ে ভাঙিলে মূৰ্তি।
চাপৰৰ পালপাৰাত সংঘটিত হৈছে এই অপ্ৰীতিকৰ ঘটনা।
নিশা হ’লেই ভাঙি থৈ যায় নৱনিৰ্মিত দেৱীৰ মূৰ্তিসমূহ।
কাৰখানাত বনাই থৈ যোৱা মূৰ্তি সমূহ ৰাতিপুৱা আহি প্ৰত্যক্ষ কৰে(Chapar News)।
কোনো এটা মূৰ্তিৰ যদি হাত ভঙা আৰু আন কিছুমানৰ আকৌ মূৰ ভাঙি থৈ যায়।
উল্লেখ্য যে চাপৰ পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ বাসিন্দা মদন পালৰ কাৰখানাত নৱ নিৰ্মিত মূৰ্তি সমূহ নিশা হ’লেই কোনো লোকে ভাঙি থৈ যায়। মদন পালৰ কাৰখানাত নিৰ্মিত প্ৰায় ৭ টাকৈ মূৰ্তি ভাঙিলে কোনো দুষ্কৃতিকাৰীয়ে। ইয়াকে লৈ চাপৰৰ সত্যপুৰ পালপাৰাৰ মূৰ্তি বনোৱা কাৰখানাৰ মালিকসকল এতিয়া চিন্তিত হৈ পৰিছে।
আনফালে সম্প্ৰীতিৰ মিলনভূমি চাপৰত একাংশ অসাধু লোকে চাপৰৰ পৰিবেশ বিনষ্ট কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ।
এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়।
লগতে পঢ়ক :WATCH | Gaurav Gogoi : ‘বিজেপিৰ ভাইৰাছ লাগি থকা কংগ্ৰেছীৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব’