WATCH | Sivsagar News : শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত অহৰহ নিৰ্গত গেছ
শিৱসাগৰ,১৫জুন : শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত অহৰহ নিৰ্গত গেছ। বৃহস্পতিবাৰৰ পৰা নিৰ্গত হৈ আছে গেছ। ONGCৰ ড্ৰিলিং ছাইটত পাইপ ফুটি নিৰ্গত হৈ আছে গেছ। এছ কে পেট্ৰ’ল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানে চলাই আছিল তৈলখনন।
যোৱা তিনিটা দিনত বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰিও নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই ৰীগটোত আজি কৰ্তৃপক্ষই ‘জাংক শ্বট অপাৰেচন’ নামৰ এক পদ্ধতি প্ৰয়োগ কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে(Sivsagar News)।
আনহাতে আজি ঘটনাস্থলি পৰিদৰ্শন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ সৰ্বভাৰতীয় মুৰব্বী শ্ৰী হৰিক সাক্ষাৎ কৰে বুলি সদৰী কৰে।
শ্ৰী হৰিয়ে যোৱা দুদিনত কৰা চেষ্টা বিফল হোৱাৰ লগতে এই বিফল প্ৰচেষ্টা বোৰৰ পৰা বিভিন্ন তথ্য লাভ কৰা হৈছে বুলি বিধায়ক গৰাকীক জানিব দিয়ে।আনহাতে এই ৰীগটোত সংঘটিত বিপৰ্যয় কেতিয়ালৈ ৰোধ কৰিব পৰা যাব সেইয়া নিশ্চিত নহ’য় বুলিও বিধায়ক গৰাকীক জানিব দিয়ে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: সোণাপুৰৰ নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড