WATCH | Man goes Missing : নাৰায়নপুৰত পুনৰ নিৰুদ্দেশ এজন যুৱক
গহপুৰ,১৫জুন : নাৰায়নপুৰত পুনৰ নিৰুদ্দেশ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱক জনৰ ঘৰ নাৰায়নপুৰ পানবাৰী বড়ি গাৱৰ বুলটন গোৱলা।
পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, যোৱা ৫ জুন তাৰিখে ঘৰত কোনো মানুহ নথকা অৱস্থাত পথালিপাহাৰৰ গিৰিন্দ্ৰ বৰা এজন যুৱক আহি বুলটন গোৱলাক অৰুনাচলত কাম দিয়াৰ প্ৰলোভনেৰে গুজৰাটলৈ ট্ৰেইনত উঠাই লৈ যায়(Man goes Missing)। বুলটন গোৱলাই ফোনযোগে পত্নীক জনাই যে গুজৰাটলৈ গৈ থকা অৱস্থাত হাওৰা ষ্টেচনত মাৰপিট কৰে যাৰ ফলত বুলটন গোৱলা ট্ৰেইনৰ পৰা জাপ মাৰি দিয়ে।
পৰিয়ালটিয়ে নাৰায়নপুৰ থানাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰা অভিযোগ পৰিয়ালটি। উপায়ন্তৰ হৈ পৰিয়ালটিয়ে মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে বুলটন গোৱলাৰ সন্ধানৰ বাবে। যদি কোনো ব্যক্তিয়ে ব্যক্তিজনক দেখা পায় তেনেহ’লে 6001976368 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই।
লগতে পঢ়ক : WATCH | Tragic incident : কাছাৰ যান-বাহন শাখাৰ গুণ্ডাগিৰি