WATCH | Tragic incident : কাছাৰ যান-বাহন শাখাৰ গুণ্ডাগিৰি
কাছাৰ,১৫জুন : কাছাৰ যান-বাহন শাখাৰ গুণ্ডাগিৰি। যান-বাহন আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বহিঃৰাজ্যৰ চালক ।
কাছাৰত ট্রাফিক আৰক্ষীৰ গুণ্ডাগিৰি। বহিঃৰাজ্যৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগ কাছাৰ ট্রাফিক আৰক্ষীৰ বিৰুদ্ধে। শনিবাৰে নিশা সংঘটিত হয় এই ঘটনাটো।
জানিব পৰা মতে, কাছাৰৰ কালাইনচৰা টোলগেট ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভাৰটেকিং কৰাৰ অভিযোগত যান-বাহনত কৰ্মৰত এজন আৰক্ষী জোৱানে ল’ৰী চালকক প্ৰহাৰ কৰে(Tragic incident)।
আৰক্ষীৰ প্রহাৰত আঘাতপ্ৰাপ্ত হয় চালকজন। মূৰৰ পৰা তেজ বৈ যায় চালক জনৰ। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত অজ্ঞান হৈ পৰে বহিঃৰাজ্যৰ চালকজন। প্ৰায় এঘণ্টাৰ পিছত আৰক্ষীয়ে তেওঁক ঘটনাস্থলিৰ পৰা উদ্ধাৰ কৰি চিকিৎসা কেন্দ্ৰলৈ লৈ যায়।
বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। ইফালে এই ঘটনাৰ পিছতে অঞ্চলটোৰ আৰক্ষীক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সচেতন নাগৰিকে।
লগতে পঢ়ক : WATCH | Woman goes missing in Dergaon : দেৰগাঁৱৰ নেঘেৰিটিংৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী