Local, Vocal, Global

WATCH | Dibrughar News : উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়,১৪জুন : নাৰী সবলীকৰণৰ এক অন্যতম সংগঠন উত্তৰ-পূব উদ্যোগী নাৰী সন্থা (NEWEA) ডিব্ৰুগড় জিলাই ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তাঁতৰ শালত ধৰ্মগ্ৰন্থক বৰ্ণবস্ত্ৰ ৰূপ দি একপ্ৰকাৰৰ অসাধ্যকো সাধন কৰি তোলা অসম গৌৰৱ, পদ্মশ্ৰী বঁটাৰে সন্মানিত মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়া আৰু প্ৰবীণ গান্ধী বাদী নেত্ৰী বিশিষ্ট সমাজকৰ্মী কুসুম মুকাৰ্জীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ডিব্ৰুগড় জাগৃতি গৃহত অনুষ্ঠিত ডিব্ৰুগড় জিলাৰ সম্পাদিকা জুলি দিহিঙ্গীয়াই আঁত ধৰা তথা কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী কিৰণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা গ্ৰহণ কৰি হেমপ্ৰভা চুতীয়াই বস্ত্ৰশিল্পৰ জৰিয়তে কি দৰে অসমীয়া শিপিনী স্বাৱলম্বী হ’ব পাৰে আৰু অসম চৰকাৰে মহিলা শিপিনী সকলক প্ৰশিক্ষণৰ জৰিয়তে কেনেদৰে দক্ষ কৰি তুলিব পাৰে সেই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰা লগতে তেওঁ নিজাববীয়াকৈ আগ্ৰহী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে থকা আগ্ৰহৰ কথা ব্যক্ত কৰে(Dibrughar News)।

ত্ৰিবেণী মহিলা সংঘৰ সভানেত্ৰী প্ৰগতি শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড়ৰ তথা অসমৰ উদ্যোগী নাৰী সকলক লৈ ৩০ বছৰ পূৰ্বে গঠন কৰা উত্তৰ-পূৰ্ব উদ্যোগী নাৰী সন্থাই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মহিলা সকলক স্বাৱলম্বনৰ এক মঞ্চ তৈয়াৰ কৰি দিয়া ক্ষেত্ৰত অন্যতম হিচাপে পৰিগণিত হোৱা বুলি কৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে নাৰী সকলৰ মহান উদ্দেশ্যৰ শলাগ লয়।

যি নাৰীয়ে এসময়ত নিশাটো ভিতৰতে দেশৰ কাৰণে উলাই যোৱা নিজ স্বামীৰ মংগলৰ কাৰণে নিশাটোৰ ভিতৰতে কবছ বৈ দিছিল। সেই নাৰীৰ একাংশ এতিয়া বস্ত্ৰ শিল্পনো কি বা তাঁত শালৰ সন্দৰ্ভত বিশেষ জ্ঞান নাই।

তদুপৰি থলুৱা শিপিনী অভাৱত থলুৱা তাঁতী শাল সমূহ বন্ধ হোৱাৰ লগতে আমদানি কৃত বস্ত্ৰই বজাৰ দখল কৰিছে। কিন্তু তাৰ বিপৰীতে গৈ হেমপ্ৰভা চুতীয়া দৰে মহিলাই নিজৰ একাগ্ৰতা আৰু আন্তৰিকতাৰে নিজৰ তাঁত শালৰ জৰিয়তে সপোন ৰচি পদ্মশ্ৰী দৰে সন্মান বুলিবলৈ সক্ষম হোৱা বুলি কৈ হেমপ্ৰভা চুতীয়া সমগ্ৰ অসমীয়া মহিলাৰ বাবে সদায় আদৰ্শ হৈ থাকিব বুলি কয়। অনুষ্ঠানত সংগঠনটোৰ কোষাধ্যক্ষ ৰূপা গগৈ, মিডিয়া চেলাৰ পাতাঞ্জলী মেধি শৰ্মাকে আদি কৰি বিষয়ববীয়া সকল উপস্থিত থাকে।

আনহাতে অনুষ্ঠানতে জুলি দিহিঙ্গীয়াই এটি বৰগীত,নীলাক্ষী দেউৰী আৰু পপী গগৈয়ে সৃষ্টি মূলক নৃত্য,পিতাঞ্জলী মেধি শৰ্মাই গীত, গীতাঞ্জলি গগৈয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত আদি পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে।

লগতে পঢ়ক : WATCH | Sensational incident: দেৰগাঁৱত বনকৰা যুৱতীৰ আত্মহত্যা