Local, Vocal, Global

WATCH | Sensational incident : কিয় হত্যা কৰা হ’ল হাবিলদাৰ ৰবিৰুল হুছেইনক

গেলেকী,১৪জুন : কিয় হত্যা কৰা হ’ল হাবিলদাৰ ৰবিৰুল হুছেইনক। ১১ মাহ পূৰ্বে ৰবিৰুল হুছেইনক হত্যা কোনে পুতি থৈছিল ঘৰৰ পিছফালে।

ঘটনা এইখন অসমৰ নাজিৰাৰ ৰহদৈ আলি নিমাইগড় হাবি গাঁৱৰ । পত্নীসহ দুই সন্তান আৰু ডাম্পাৰ চালকে মিলি ১১ মাহ পূৰ্বে আৰক্ষী বেটেলিয়ানৰ হাবিলদাৰ ৰবিৰুল হুছেইনক হত্যা কৰি পুতি থৈছিল শৌচালায়ৰ টেংকিত। ২০২৪ চনৰ ২৭ জুলাইত এই ঘটনা সংঘটিত হৈছিল। সেই সময়ত আৰক্ষী আৰু সংবাদ মাধ্যক নিৰুদ্দেশ হোৱাৰ খবৰ দি বিপথে পৰচালিত কৰিছিল হত্যাকাৰীয়ে(Sensational incident)।

কিন্তু আৰক্ষীৰ তদন্ত অব্যাহত আছিল।

অৱশেষত আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ কৰা হয় পত্নী বেবী বেগমসহ দুই পুত্ৰক। বেবী বেগম আছিল ৰবিৰুল হুছেইনৰ দ্বিতীয় পত্নী। ৰবিৰুল হুছেইনৰ দ্বিতীয় পত্নী হোৱাৰ পাছতো বেবী বেগমৰ অবৈধ প্ৰেম থকা বুলি অভিযোগ উঠিছে। ডাম্পাৰ চালকৰ মুকিব আলীৰ লগত মিলি বেটেলিয়ান ৰবিৰুল হুছেইনক হত্যা কৰি পুতি থৈছিল শৌচালায়ৰ টেংকিত।

বহুদিনৰ পৰাই ডাম্পাৰ চালক মুকিব আলী পলাতক অৱস্থাত আছিল। অৱশেষত বহিঃৰাজ্যত মথুৰাপুৰ আৰক্ষীৰ জালত পৰে মুকিব আলী । মুকিব আলী জালত পৰাৰ পাছতেই সকলো কথা ওলাই পৰে। মুকিব আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুকিব আলীৰ ঘৰৰ চৌহদৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৰবিৰুল হুছেইন মৃতদেহ।

বৰ্তমান আৰক্ষীৰ জালত পৰা অভিযুক্ত হত্যাকাৰী কেইটাৰ নাম পত্নী বেবী বেগম,দুই পুত্ৰ ক্ৰমে ৰিদুল হুছেইন,মাফুয হুছেইন আৰু ডাম্পাৰ চালক মুকিব আলী৷ হাবিলদাৰ ৰবিৰুল হুছেইন আছিল মানকাচৰ জিলাৰ ২৬ এ,পি বি এনৰ হাবিলদাৰ।

লগতে পঢ়ক : WATCH | Python recovered in Boko : বকোৰ মাকেলিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ