Local, Vocal, Global

WATCH | BPF holds meeting in Baksa : বাক্সাত বিপিএফৰ বিশাল জনসভা

মুছলপুৰ,১৪জুন : নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে বিটিআৰত চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা । বিজেপি-ইউপিপিএলৰ সমান্তৰালভাৱে বিপিএফেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ কাৱাজ ।

আজি বাক্সাৰ ভাংৰিকুছিত বিপিএফে অনুষ্ঠিত কৰে বিশাল জনসভা(BPF holds meeting in Baksa)। লগতে এই সভাতে দুই শতাধিক অন্য দলৰ কৰ্মীয়ে বিপিএফত যোগদান কৰে । এই সভাৰ পিছতে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম আৰু প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে প্ৰমোদ বড়ো তথা ইউপিপিএল দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

প্ৰমোদ বড়োৰ প্ৰতি বিটিআৰ বাসীৰ আস্থা নাই বুলি উল্লেখ কৰি আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে খুব বেছি তিনিখন আসন লাভ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

লগতে পঢ়ক : WATCH | Bilasipara News : বিকশিত ভাৰতৰ সুশাসন,সুসেৱা,গৰীৱ কল্যাণৰ ১১ বছৰ উপলক্ষে বিলাসীপাৰাত অমৃতকাল উৎসৱ উদযাপন