Local, Vocal, Global

WATCH | Chapar News : চাপৰত আটক তিনিজনকৈ লোকক

চাপৰ,১৪জুন : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

শুকুৰবাৰে নিশা চাপৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই পুৰণি গোচৰত জড়িত তিনিজনক আটক কৰে।

আটকাধীন লোক কেইজন ক্ৰমে সত্যপুৰ পালপাৰাৰ ৰাজেশ বিশ্বাস,ফলিমাৰীৰ সাহজামাল সেখ আৰু ভকতগাওঁৰ পবিত্ৰ ৰায়(Chapar News)।

উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী লৈ আহি পুৰণি গোচৰত অভিযুক্ত অপৰাধী সকলক আটক কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষী প্ৰশাসনক।

তাৰ পিছৰে পৰা ধুবুৰী জিলাৰ প্ৰত্যক থানাৰ সমান্তৰালকৈ চাপৰ আৰক্ষীয়েও নিশা অভিযান চলাই তিনিজন কৈ অপৰাধীক আটক কৰে।

লগতে পঢ়ক : WATCH | Sensational incident: দেৰগাঁৱত বনকৰা যুৱতীৰ আত্মহত্যা