WATCH | National Highway blocked due to fallen tree : গছ পৰি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ

দেৰগাওঁ,১৪জুন : দেৰগাঁৱত ৰাজপথৰ ওপৰত বৃহৎ গছ বাগৰি বন্ধ হৈ পৰিছে চাৰিলেনযুক্ত পথ। শনিবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলতেই দেৰগাঁও ৩ নং গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই বাগৰি পৰে গছজোপা ।
অৱশ্যে এই ঘটনাত হতাহত বা কোনো ক্ষয়ক্ষতি হোৱা নাই । ইতিমধ্যেই দেৰগাঁও পৌৰসভাৰ উপ পৌৰপতি শুভাঙ্কৰ ঘোষে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে অতি শীঘ্ৰেই পথচোৱা মুকলি কৰাৰ প্ৰচেষ্টা চলায় আছে(National Highway blocked due to fallen tree)।
পথটোৰ এটা কাষেৰেহে দুয়োদিশৰ পৰা অহা বাহনসমূহে যাতায়ত কৰি আছে । যানবাহন আৰক্ষীৰ লোক উপস্থিত হৈ যানজঁট নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আশাকৰা হৈছে অতি শীঘ্ৰেই পথছোৱা মুকলি হৈ পৰিব।
লগতে পঢ়ক : WATCH | Doom Dooma News : ফিল’বাৰীত এজন যুৱকৰ প্ৰচেষ্টাত গঢ় উঠিছে এখন কণীৰ ফাৰ্ম