Local, Vocal, Global

WATCH | Dead body found : ৰঙিয়া পুৰণি ষ্টেচনত মৃতদেহ উদ্ধাৰ

ৰঙিয়া,১৪জুন : ৰঙিয়া পুৰণি ষ্টেচনত মৃতদেহ উদ্ধাৰ। ডিঙিত চিপজৰি লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। পিন্ধনত পেণ্ট আৰু মূৰত পাগুৰি মৰা অৱস্থাত আছে মৃতদেহটো। ৰঙিয়া পুৰণি ৰেল জংছনৰ প্লেটফৰ্মত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো(Dead body found)।

বৰ্তমান ঘটনাস্থলীত GRP উপস্থিত হৈ ঘটনা‌ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

উল্লেখ্য যে কিছুদিন পূৰ্বেও ৰঙিয়া তিনিআলি ৰে’ল লাইনৰ‌ কাষত থকা ৰে’ল বিভাগৰ এটি পৰিত্যক্ত গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল আন এজন লোকৰ মৃতদেহ। এতিয়া প্ৰশ্ন হয় এয়া হত্যা নে আত্মহত্যা। ঘটনাক কেন্দ্ৰ কৰি ৰঙিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

লগতে পঢ়ক : WATCH | Rangia News : পেঞ্চনাৰ্থীৰ ফাইলৰ কামৰ বাবদ ৭০ হাজাৰ টকা উৎকোচ লৈ ভিডিঅ’ ভাইৰেল