Local, Vocal, Global

Watch | Dalgaon Teacher beats the student with a stick: দলগাঁৱত গুৰুলা গুৰুলকৈ প্ৰহাৰ ছাত্ৰক শিক্ষকৰ

দৰং: দৰঙৰ দলগাঁৱত শিক্ষকৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ তথ্য পোহৰলৈ আহিছে । বৰুৱাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ বৰকত উল্লাহৰ বিৰুদ্ধে দলগাঁও থানাত গোচৰ দাখিল উক্ত বিদ্যালয়ৰেই দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই । ভুক্তভোগী ছাত্ৰ জনে অভিযোগ কৰা মতে, মধ্যাহ্ন ভোজন যোগান ধৰাত খেলিমেলি , অনিয়মীয়া পাঠদান আদিৰ অভিযোগ তুলি ৰোষত পৰিল ছাত্ৰ জন ।

উল্লেখ্য যে , শিক্ষক বৰকত উল্লাহে দায়িত্ব লাভৰ পিছৰে পৰাই বিদ্যালয় খনত মধ্যাহ্ন ভোজনত খেলিমেলি কৰা আৰু অস্বাস্থ্যকৰ পানী যোগান ধৰা , অনিয়মীয়া পাঠদান আদিৰ অভিযোগ কৰাত ছাত্ৰ জনৰ বিৰুদ্ধে খৰ্গহস্থ হৈ বিভিন্ন গালিগালাজ কৰে । আজি অইন এগৰাকী ছাত্ৰই শ্ৰেণীকোঠা এৰি গছত উঠি বহি থকা বিষয়টো ইনচাৰ্জক অৱগত কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ গোহাৰি জনোৱাত ওলোটাই তেওঁৰ পিঠিত দুটাকৈ চেকনি ভাঙে বুলি বিস্ফোৰক অভিযোগ কৰে ।