Watch | The new police superintendent of Duburi will be Leena Dole: মুখ্যমন্ত্ৰীৰ SHOOT & SIGHT অৰ্ডাৰৰ পাছতেই ধুবুৰীত আৰক্ষী অধীক্ষকক বদলি
নিউজ ডেস্ক: মুখ্যমন্ত্ৰীৰ SHOOT & SIGHT অৰ্ডাৰৰ পাছতেই ধুবুৰীত আৰক্ষী অধীক্ষকক বদলি।
গো-মাংস উদ্ধাৰক লৈ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰক্ষী অধীক্ষকক বদলি ।
ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙক বদলি।
ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক হ’ব লীনা দলে।
শেহতীয়া পৰিস্থিতিক লৈ কালি দিনটোত মুখ্যমন্ত্রীয়ে পর্যবেক্ষণ কৰিছিল ধুবুৰীৰ কেইবাটাও প্রান্ত।
মুখ্যমন্ত্ৰীৰ ধুবুৰী ভ্ৰমণৰ পাছতেই কঠোৰ হৈ পৰিছে জিলা প্রশাসন।
তাৎক্ষণিকভাৱে বদলি কৰা হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষকগৰাকীক।
ধুবুৰীক অশান্ত কৰা দুর্বৃত্তক দেখিলেই ডাইৰেক্ট শ্বুট কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।
তাৰপাছতেই লীনা দলেক ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিয়োগ।