Local, Vocal, Global

WATCH | Chapar News : চাপৰত ৰাইজে কৰায়ক্ত কৰিলে গাঞ্জাসহ সৰবৰাহকাৰী

চাপৰ,১২জুন : চাপৰৰ জমদুৱাৰত ৰাইজৰ বৃহৎ অভিযান।

ৰাইজে খেদি খেদি আটক কৰে গাঞ্জা সৰবৰাহকাৰীক।

অভিযানত জমদুৱাৰ দ্বিতীয় খণ্ড গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা বেপাৰী আটক কৰে।

গাঁৱখনৰ একাংশ লোকক গাঞ্জা বিক্ৰী কৰাৰ সময়ত ধৰা পৰিল ধৃত সৰবৰাহকাৰীজন।

ধৃত গাঞ্জা সৰবৰাহকাৰীজন কোকৰাঝাৰ জিলাৰ শিলগাৰাৰ বিল্পৱ সিং বুলি জানিব পৰা গৈছে।

পিছত ঘটনাস্থলীত শালকোচা আৰক্ষী দল উপস্থিত হয়(Chapar News)।

আৰক্ষী উপস্থিত হৈ সৰবৰাহকাৰীটোৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ এখন বাইক উদ্ধাৰ কৰি থানালৈ লৈ যায়।

জব্দকৃত বাইক খনৰ নম্বৰ হ’ল AS 16 D 8948।

দীৰ্ঘদিন ধৰি চাপৰৰ চিৰাকুটা, জমদুৱাৰ আদি বিভিন্ন ঠাইত গাঞ্জা সৰবৰাহকাৰী কৰাৰ অভিযোগ।

আৰক্ষীয়ে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুওৱালে।

এই গাঞ্জা সৰবৰাহকাৰী জনৰ লগত গাঁৱখনৰ আৰু কোন কোন জড়িত হৈ আছে সকলোকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় সচেতন ব্যক্তি তথা দ’ল সংগঠনে।

লগতে পঢ়ক : WATCH | Hatsingimari News : জি টি ত্ৰিপাঠীৰ মানকাচৰৰ কালাপানী আৰক্ষী চকী পৰিদৰ্শন