Local, Vocal, Global

WATCH | Pabitra Margherita : টীয়ক এফ আৰ ইউত ডাইলাইচিছ ইউনিটৰ শুভ উদ্বোধন মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

টীয়ক,১২জুন : টীয়কৰ সদাব্যস্ত চিকিৎসালয় টীয়ক এফ আৰ ইউত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডাইলাইচিছ ইউনিটৰ আজি শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

এই উপলক্ষে এফ আৰ ইউত অনুষ্ঠিত এক ৰাজহুৱা সভাত মন্ত্ৰী গৰাকীয়ে কয় যে স্বাস্থ্যখণ্ডত এনেদৰে বিনামূলীয়া সেৱাৰ জড়িয়তে সকলো প্ৰৰ্যায়ৰ ৰোগীলৈ আগবঢ়োৱা সুবিধা বিলাকে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল’ব । চৰকাৰৰ এনে জনকল্যাণ আঁচনি সমূহ ৰাজনৈতিক যি মতাদৰ্শৰে নহওক কিয় সকলোৱেই সমৰ্থন জনাব লাগে(Pabitra Margherita)।

জলপথ,ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ বৃদ্ধিৰ লগতে ডিজিটেল কানেক্টিভেটিৰ দৰে কাম বিলাক আমাৰ চৰকাৰৰ সফলতা । কাৰো নাম নোলোৱাকৈ মন্ত্ৰী গৰাকীয়ে কয় যে ‘কেৱল মাত্ৰ ফেচবুক বা সদনত ইংৰাজী, হিন্দীত শুৱলাকৈ ভাষন দিলেই নহব জনসাধাৰণৰ কাষলৈ গৈ জনসাধাৰণৰ সমস্যা বুজি কামো কৰিব লাগিব । আমি কথা কমকৈ কও কিন্তু জনসাধাৰণৰ বাবে কাম বেছি কৰো’।

অনুষ্ঠানত যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানি,জিলা বিজেপিৰ ‌সভাপতি শান্তনু পূজাৰী, অতিৰিক্ত আয়ুক্ত অভিজিত গগৈ, টীয়কৰ যুৱনেতা তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিকাশ শইকীয়া এফ আৰ ইউৰ উপ অধীক্ষক ডাঃ স্যমন্ত মাধৱ বৰুৱা প্ৰমুখ্যে গন্য মান্য বক্তি সকলে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক : WATCH | Hatsingimari News : মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা Cool Drinks