Local, Vocal, Global

WATCH | 536th birth anniversary of Sri Sri Madhavadeva : ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ পালন

টীয়ক,১২জুন : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ ঢেকীয়াখোৱা বৰ নামঘৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আজি আয়োজন কৰিছে। ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতি,নাম সমিতি, আৰু কৃষ্টি সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত পুৱা ৫ বজাত উষা কীৰ্ত্তন, ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা, নাম প্ৰসংগ, নামাচায্য হিচাপে আছে এইবাৰ বটৰগঞা সত্ৰৰ অৱনি গোস্বামী দেৱ।

পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ আহি হাতে ধূপ,তেল চাকি লৈ আশীৰ্বাদ গ্ৰহণ কৰিছে। আনহাতে এখন ধৰ্মালোচনী সভাত নিদিষ্ট বক্তা হিচাপে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বিজয়লক্ষ্মী নেওগ, বিশিষ্ট অতিথি হিচাপে ড° নীলিমা বৰা, আবৃত্তিকাৰ শান্তিছায়া শইকীয়া উপস্থিত থাকিব(536th birth anniversary of Sri Sri Madhavadeva)।

এই জন্ম জয়ন্তী লগত সংগতি ৰাখি বিয়লি ৩ বজাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ঢেকীয়াখোৱা গাঁৱৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক আশীৰ্বাদ আৰু বয়োজ্যেষ্ঠ ব্যক্তিক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ’ব। নিশা লৈ মহাপুৰুষীয়া নাট নৃসিংহ অৱতাৰ ভাওনা মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গাঁৱৰ যুৱক বৃন্দৰ দ্বাৰা প্ৰদৰ্শন হ’ব।

লগতে পঢ়ক: WATCH | Goalpara News : গোৱালপাৰাৰ মাটিয়াত অঘটন; হোটেলত ভাত খাব লওতেই মৃত্যুক সাৱতি লয় এজন যুৱকে