Local, Vocal, Global

WATCH | Goalpara News : গোৱালপাৰাৰ মাটিয়াত অঘটন; হোটেলত ভাত খাব লওতেই মৃত্যুক সাৱতি লয় এজন যুৱকে

গোৱালপাৰা,১২জুন : গোৱালপাৰাৰ মাটিয়াত অঘটন। হোটেলত ভাত খাব লওতেই মৃত্যুক সাৱতি লয় এজন যুৱকে।

উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা সকাহ পাবলৈ সাধাৰণ জনতাই বিচাৰি ফুৰিছে শীতল ঠাই। তাৰমাজতেই গোৱালপাৰাৰ মাটিয়াত অঘটন।মাটিয়া বজাৰত থকা মহাল্ক্ষমী হোটেল এন্ড ৰেষ্টুৰেন্টাত ভাত খাব লওতেই চকীৰ পৰা ঢলি পৰি কৰুণ মৃত্যুক আকোৱালী ললে ৩৩ বছৰীয়া মুকিবুজ জামানে(Goalpara News)।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত মাটিয়া বজাৰৰ এই হোটেলখনত ভাত খাব সোমাইছিল মুকিবুজ জামানে। হোটেলৰ চকীত বহি ভাত খোৱাৰ পূৰ্বে পানী খাই ফোনত কথা পাতি থাকোতেই ঢলি পৰে। তাৰপাছতেই এক হুলুস্থলৰ সৃষ্টি হয়। মাটিয়া আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ মাটিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হৈ যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৃত যুৱকজনৰ ঘৰ মাটিয়া থানাৰ অন্তৰ্গত ৰণুৱাত বুলি জানিব পৰা গৈছে। উৎকট গৰমৰ বাবেই আকস্মিক মৃত্যুক আঁকোৱালি লোৱা বুলি ধাৰণা কৰিছে ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে। ইতিমধ্যে মৰোণত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। উক্ত ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটিত।

লগতে পঢ়ক :WATCH | Raja Raghuvanshi Murder Case: হনীমুন আৰু হত্যা!