Local, Vocal, Global

WATCH | Raja Raghuvanshi Murder Case: হনীমুন আৰু হত্যা!

নিউজ ডেস্ক,১২জুন : আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে হত্যাৰ সমগ্ৰ কথা। দেশ জোকাৰিছে সোনম ৰঘুবংশীৰ কাণ্ডই। ছুপাৰি কিলাৰৰ সহায়েৰে স্বামীক হত্যা কৰিছিল সোনমে।

হনীমুনত আৰু হত্যা! সম্পৰ্ণ পৰিকল্পতি ভাৱে হত্যা কৰা হৈছিল নৱবিবাহিত স্বামী ৰাজা ৰঘুবংশী। মেঘালয় আৰক্ষীৰ বেহুত ৰাজা ৰঘুবংশীৰ ৫ হত্যাকাৰী! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি সোনম আৰু ৰাজৰ? বিবাহৰ মাত্ৰ ১২দিন পিছতে ছুপাৰি কিলাৰৰ সহায়েৰে নৱবিবাহিত স্বামীক হত্যা কৰিছিল সোনমে। মেঘালয়ত স্বামীক হত্যা কৰি পলায়ন কৰোতে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে সোনমক। মঙলবাৰে নিশা দিল্লীৰ পৰা গুৱাহাটী বিশেষ বিমানেৰে অনা হয় সোনমক। তাৰ পিছতে শ্বিলঙলৈ নিয়া হয় সোনম ৰঘুবংশীক।

ইতিমধ্যে SITৰ জেৰাত ৰাজাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে সোনমসহ ৫ অভিযুক্তই। সোনমসহ ৫ অভিযুক্তক দুঘণ্টা জেৰা কৰে SITএ। মেঘালয় আৰক্ষীৰ জেৰাত ৰাজাক হত্যাৰ কথা স্বীকাৰ কৰিছে আটায়েই। ইতিমধ্যে ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সোনমসহ ৩ অভিযুক্তক। সময় পাৰ হোৱাৰ লগে-লগে এটাৰ পিছত আন এটা ভয় লগা তথ্য পোহৰলৈ আহিয়েই আছে(Raja Raghuvanshi Murder Case)।

গুৱাহাটীৰ হোটেলত আছিল তিনি হত্যাকাৰী।

শ্বিলঙলৈ যোৱাৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতিছিল ৰাজা ৰঘুবংশীৰ ৩ হত্যাকাৰীয়ে। গুৱাহাটীৰ পৰাহে শ্বিলঙলৈ গৈছিল তিনি হত্যাকাৰী আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিকাশ ঠাকুৰ।গুৱাহাটী পাণবজাৰৰ আনন্দ ল’জত বাহৰ পাতিছিল ৩ হত্যাকাৰীয়ে। ইতিমধ্যে আনন্দ ল’জত অভিযান চলাইছে মেঘালয় আৰক্ষীয়ে। শেহতীয়া তথ্য অনুসৰি ২০ মে’ত আনন্দ ল’জত আছিল তিনি হত্যাকাৰী। ২১ মে’ত হোটেলৰ পৰা শ্বিলঙলৈ গৈছিল ৩ হত্যাকাৰী। ইফালে সোনমৰ ভাতৃয়ে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সাক্ষাত কৰি সাংবাদিকৰ আগত কয়…

সোনমক আমাৰ পৰিয়ালে বয়কট কৰিছোঁ।

কেৱল আমাৰ পৰিয়ালেই নহয়, সমগ্ৰ সমাজে তাইক বয়কট কৰিব।

মই ৰাজাৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মই সদায় ৰাজাৰ পৰিয়ালৰ লগত থিয় দিম। ৰাজা ৰঘুবংশীৰে ভয়ংকৰ কাণ্ড কৰা সোনমৰ ভাতৃ গোবিন্দ ৰঘুবংশীৰে কৰিলে ডাঙৰ মন্তব্য। ভগ্নীৰ কাষত কেতিয়াও নাথাকো, সোনমক অপৰাধী আখ্যাৰে শাস্তিৰ দাবী কৰিলে ভাতৃয়ে।

লগতে পঢ়ক :WATCH | Chapar News : পুনৰ উজলিল চাপৰৰ টাইকাণ্ডু একাডেমী