Local, Vocal, Global

WATCH | Chapar News : পুনৰ উজলিল চাপৰৰ টাইকাণ্ডু একাডেমী

চাপৰ,১২জুন : পুনৰ উজলিল চাপৰৰ টাইকাণ্ডু একাডেমী।

ছোৱালীসকলক নিজৰ আত্মৰক্ষা আৰু টাইকাণ্ডু খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে মুকলি কৰা হৈছিল এই চাপৰ টাইকাণ্ডু একাডেমী।

দেশৰ লগতে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় টাইকাণ্ডু খেলত অংশ কৰি পদক বিজয়ী কৰি শুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে এই চাপৰ টাইকাণ্ডু একাডেমীয়ে(Chapar News)।

শেহতীয়াভাৱে চতুৰ্থ গুৱাহাটী মুক্ত ৰাষ্ট্ৰীয় টাইকাণ্ডু চেম্পিয়নশ্বিপত চাপৰ টাইকাণ্ডু একাডেমীৰ ১৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিভিন্ন শাখাত ২ টা সোণৰ পদক, ৩ টা ৰূপৰ পদক আৰু ২ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৭ টা পদক লাভ কৰিবলৈ সক্ষম হয়। আজি চাপৰৰ ভকতগাঁওত পদক বিজয়ী আৰু অংশগ্ৰহণ কৰা খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে একাডেমী কতৃপক্ষ আৰু অভিভাৱক সকলে গামোচাৰে সম্বৰ্ধনা জনাই।

আগন্তুক দিনত এই ধাৰা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে চাপৰ টাইকাণ্ডু একাডেমীৰ প্ৰশিক্ষক গৰাকীয়ে।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন