Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

সোণাৰি,১২জুন : সোণাৰিত একাধিক দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচা সমূহত কৰ্মৰত চাহ শ্ৰমিক সকলৰ একাধিক দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘই আজি আহ্বান জনোৱা ২ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী আজি সোণাৰিত সফল ভাৱে ৰূপায়ন কৰা হয়।

সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা সংঘৰ অধীনৰ বাগিচা সমূহত নিয়োজিত শ্ৰমিক সকলে আজি পুৱা ৮ বজাৰ পৰা এই কাৰ্যসূচী পালন কৰে(Sonari News)। হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ বাগিচা সমূহৰ পৰিচালকৰ কাৰ্যালয়ত সন্মুখত সমবেত হৈ শ্ৰমিক সকলে নিজৰ দীৰ্ঘদিনীয়া দাবী সমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবীত শ্লোগান দি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

লগতে পঢ়ক :WATCH | Sonari News : বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত