WATCH | Rowta News : ৰৌতাৰ ২ নং মাধৱগোহাই গাঁৱত VDP সম্পাদক চুলতান আলীৰ অতপালি
ৰৌতা,১১জুন : ৰৌতাৰ ২ নং মাধৱগোহাই গাঁৱত VDP সম্পাদক চুলতান আলীৰ অতপালি । বহু লোকক আৰক্ষীৰ ভয় দেখুওৱাই হাৰাশাস্তি কৰাৰ অভিযোগ চুলতাল আলীৰ বিৰুদ্ধে ।
অঞ্চলটোৰ সাধাৰণ জনতাক মন গলেই আৰক্ষীৰ ভয় দেখুৱায় VDP সম্পাদক চুলতাল আলীয়ে । ই-ৰিক্সা, টেক্সৰ চালক সকলোৱে টকা দিব লাগে চুলতানক | টকা নিদিলে পুলিচ লগাই উঠাই লৈ যোৱাৰ ভাবুকি দিয়ে হেনো চুলতান আলীয়ে । ৰৌতা আৰক্ষী থানাৰ নাম লৈ VDP চেক্ৰেটেৰী চুলতানে হেনো কৰি আহিছে এনে বহু অনৈতিক কার্য(Rowta News)।
পূর্বেৰে পৰা বহু অভিযোগ আছে চুলতানৰ বিৰুদ্ধে । কিন্তু VDP সম্পাদক হোৱাৰ বাবে বাচি যায় অভিযুক্ত চুলতান । এইবাৰ উপায়ন্তৰ হৈ সকলো ৰাইজে মিলি অভিযোগ দাখিল কৰে ৰৌতা আৰক্ষী থানাত । ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয়ক বসুমতাৰীক VDP সম্পাদক চুলতান আলীক উচিত শাস্তি দিবলৈ দাবী জনায় ভুক্তভোগী ৰাইজে ।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ আশাকৰ্মীৰ নূন্যতম মাননী বৃদ্ধিক লৈ ক্ষোভ