WATCH | PMAY scheme : বাঙালীপাৰাত PMAY(G)ৰ গৃহৰ হিতাধিকাৰী বাচনিত দুৰ্নীতিৰ অভিযোগ
গোৰেশ্বৰ,১১জুন : গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঙালীপাৰাত PMAY(G)ৰ গৃহৰ হিতাধিকাৰী বাছনিত দুৰ্নীতিৰ অভিযোগ।
ঘৰৰ ফটো তোলাৰ বাবদ হিতাধিকাৰীৰ পৰা ৫০০/ ১০০০কৈ টকা লোৱাৰ অভিযোগ GPC বিপুল ৰাজবংশীৰ বিৰুদ্ধে(PMAY scheme)।
উন্নয়ন খণ্ডটোৰ অন্তৰ্গত দেউচুঙা VCDCৰ অধীনৰ বাঙালীপাৰা গাঁৱৰ একাংশ ভূক্তভোগীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
লগতে খণ্ড উন্নয়ন বিষয়া জিণ্টু দত্তৰ কাৰ্যকালত সংঘটিত এই দুৰ্নীতি বন্ধ কৰিবলৈ বিষয়াগৰাকীক আহ্বান জনাই । অন্যথা উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ত গৈ পূৱ ডেফেলী ABMSUই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে।
লগতে পঢ়ক :WATCH | Himanta Biswa Sarma :’NRCত নাম থাকিলেও এৰিব লাগিব ৰাজ্য’