Local, Vocal, Global

WATCH | Chapar News : অৱশেষত চাপৰ আৰক্ষীৰ জালত ছাদ্দাম আলী নামৰ এজন অভিযুক্ত

চাপৰ,১১জুন : ৰাইজৰ প্ৰতিবাদৰ অন্তত ছাদ্দাম আলী নামৰ এজন অভিযুক্তক আটক চাপৰ আৰক্ষীৰ।

আন চাৰিজন অভিযুক্ত ছফিকুল ইছলাম ওৰফে বাবু,আজাদ আলী, আব্দুল ৰফিক, জহিৰুল ইছলাম বৰ্তমানেও পলাতক।

ছফিকুল ইছলাম ওৰফে বাবুক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়াৰ পিছতো চাপৰ আৰক্ষী থানাৰ ASI ৰাকেশ কুমাৰ সিঙে এৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৰাইজৰ।

এৰি দিয়া অভিযুক্ত ছফিকুল ইছলাম ওৰফে বাবুকো এতিয়াই আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী(Chapar News)।

মঙলবাৰে প্ৰতিবাদী ৰাইজে ASI ৰাকেশ কুমাৰ সিঙৰ বিৰুদ্ধে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ উত্থাপন কৰে।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকে ASI ৰাকেশ কুমাৰ সিঙৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও কিন্তু এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত আশ্ৰাফুল ইছলাম নামৰ যুৱক জনক অচেতন অৱস্থাত পৰি থকা দেখি স্থানীয় ৰাইজে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে আৰু বঙাইগাঁওৰ এখন ব্যাক্তিগত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয়।

উক্ত ঘটনা কেন্দ্ৰ কৰি মঙবাৰে চাপৰত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছিল।

উত্তেজিত ৰাইজে চাপৰ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অৱশেষত চাপৰ আৰক্ষীয়ে ছাদ্দাম আলী নামৰ লোকজনক আটক কৰে যদিও আন চাৰিজন এতিয়াও পলাতক হৈ আছে।

পৰিয়ালৰ লোকক চাপৰ আৰক্ষীয়ে এতিয়াও আশ্বাস প্ৰদান কৰি আছে আন চাৰিজন অভিযুক্তক অতি সোনকালে আটক কৰিব।

কিন্তু কেতিয়ালৈকে আটক কৰিব সেয়া পৰবৰ্তী সময়ত হে হ’ব লক্ষণীয় বিষয়।

লগতে পঢ়ক : WATCH | African swine fever : মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰ চিনাক্ত