Local, Vocal, Global

WATCH | Massive fire breaks out: নলবাৰীৰ জাগাৰাত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

নলবাৰী,১১জুন : নলবাৰীৰ জাগাৰাত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। জাগাৰা কলেজ ৰ’ডৰ এখন এ.চি চেলুনত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় বহু মূল্যবান সামগ্ৰী(Massive fire breaks out)।

নুৰুল ইছলাম নামৰ এজন শিক্ষকৰ এপাৰ্টমেণ্টত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। এপাৰ্টমেণ্টটোৰ এটা ৰুম ভাড়ালৈ দিছিল শিক্ষক নুৰুল ইছলামে।

জানিব পৰা মতে, এ চি চেলুনখন কেইবামাহ ধৰি বন্ধ হৈ আছিল। বন্ধ হৈ থকা দোকানখনত হঠাৎ কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল সেই লৈ সন্দেহ ঘনীভূত হৈ পৰিছে এপাৰ্টমেণ্টটোৰ গৰাকীৰ। চেলুনখনত সংঘটিত ঘটনা সংক্ৰান্তত এতিয়ালৈ জানিব পৰা হোৱা নাই ।স্থানীয় লোকে জনোৱা অনুসৰি মঙলবাৰে নিশা প্ৰায় ১ মান বজাৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছিল। বিষয়টো উচিত তদন্তত বিচাৰিছে ৰাইজ লগতে ঘৰৰ মালিকে।

লগতে পঢ়ক : Watch | Dalgaon land Mafia: দৰঙৰ দলগাঁৱত ভূ-মাফিয়াৰ তাণ্ডৱ