Local, Vocal, Global

Watch | Dalgaon land Mafia: দৰঙৰ দলগাঁৱত ভূ-মাফিয়াৰ তাণ্ডৱ

দলগাঁও,১১জুন : দৰঙৰ দলগাঁৱত ভূ-মাফিয়াৰ তাণ্ডৱ।প্ৰায় ৪০ জনীয়া বান্দিয়া চাপৰিৰ পৰা অহা দলে মাৰপিট কৰে আৱেজুদ্দনি নামৰ লোকজনৰ পৰিয়ালক।

দলগাঁৱৰ অন্তৰ্গত বৰুৱাপাৰা গাঁৱত অহিজুদ্দিনৰ নামৰ ভূ-মাফিয়াৰ সন্ত্ৰাস। ভূমি বিবাদক কেন্দ্ৰ কৰি অহিজুদ্দিনৰ নামৰ ভূ মাফিয়া লগতে ৪০ জনীয়া দলে দা, কুঠাৰ, বাঁহ লৈ মাৰপিট কৰে(Dalgaon land Mafia)।

বাঁহৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় আৱেজুদ্দনি, আমালউদ্দিন, মহম্মদ আলি, জব্বৰ আলি, ইব্ৰাহিম আলি বুলি জানিব পৰা গৈছে । আহত সকলক তৎকালীন ভাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা কেন্দ্ৰ কৰি অঞ্চলটো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে।

লগতে পঢ়ক : WATCH | Dilip Saikia : চৰাইদেউ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া