Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত এজন যুৱ নেতা

দেৰগাঁও,১১জুন : বছৰৰ প্ৰথমটো বানত যথেষ্ট ক্ষতিসাধন হ’ল দেৰগাঁৱৰ ২৫ খনৰো অধিক গাঁৱৰ ৰাইজ । পানী কমিছে যদিও বিপদ আতৰা নাই বানাক্ৰান্তৰ । বানে ভাঙি থৈ গ’ল ব্ৰহ্মপুত্ৰ অঞ্চলৰ শগুনপাৰা কৃষিবান্ধ।

যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হ’ল এটা বৃহৎ অঞ্চলৰ । যাতায়ত কৰিবলৈ ব্যাপক সমস্যাৰ সন্মুখীন ৰাইজ(Dergaon News)।

যুৱ নেতা আকাশ ফুকনে নাঁও যোগান ধৰিছে অঞ্চলবাসীৰ বাবে। ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ নাঁৱৰ জৰিয়তে যাতায়তৰ সুবিধা গ্ৰহণ কৰি গৈছে বিদ্যালয়লৈ । নাঁৱৰে বিপদসংকুল যাত্ৰা শ শ শিক্ষাৰ্থীৰ । আকাশ ফুকনৰ শলাগ লৈছে সকলোৱে । শীঘ্ৰেই অঞ্চলটোত জনসাধাৰণৰ যাতায়তৰ একমাত্ৰ পথ তথা মথাউৰি মেৰামতি কৰি ৰাইজক সকাহ দিয়াৰ আহ্বান সকলোৰে ।

লগতে পঢ়ক : WATCH | Dead body found : অৱশেষত উদ্ধাৰ হ’ল সোণাৰী গাঁৱৰ দেৱজিৎ বৰাৰ মৃতদেহ