Local, Vocal, Global

WATCH | Mushalpur News : বাক্সাত সহকাৰ ভাৰতীৰ সভা অনুষ্ঠিত

মুছলপুৰ,১১জুন : বাক্সা জিলা সহকাৰ ভাৰতীৰ উদ্যোগত আজি বাক্সাৰ জালাহত শিপিনী সংগঠন সভা অনুষ্ঠিত হয় । এই সভাৰ সমান্তৰালভাৱে ভাৰতীয় মানক ব্যুৰ’ চমুকৈ বিআইএছ সন্দৰ্ভতো এক সজাগতা কাৰ্যসূচী ৰূপায়িত হয়(Mushalpur News)।

ৰাষ্ট্ৰীয় মানক নিৰ্ধাৰণ কৰা সংস্থা ভাৰতীয় মানক ব্যুৰ’ চমুকৈ বিআইএছ সন্দৰ্ভত জালাহত অনুষ্ঠিত সজাগতা কাৰ্যসূচীৰ জৰিয়তে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক শিপিনীক বিআইএছ সন্দৰ্ভত সম্যক ধাৰণা দিয়া হয় । বিভিন্ন সামগ্ৰীৰ বিআইএছ বা আইএছআই চিহ্নৰ জৰিয়তে কিদৰে সামগ্ৰীবিধৰ তথ্য লাভ কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰে ভাৰতীয় মানক ব্যুৰ’ গুৱাহাটীৰ পৰা অহা দুগৰাকী সমল ব্যক্তি ক্ৰমে প্ৰীতম আগৰৱাল আৰু জিষ্ণু দাসে।

লগতে পঢ়ক : WATCH | Shocking Incident : লম্পট শিক্ষকৰ নিকৃষ্ট কাণ্ড!