Local, Vocal, Global

WATCH | Shocking Incident : লম্পট শিক্ষকৰ নিকৃষ্ট কাণ্ড!

তিনিচুকীয়া,১১জুন : লম্পট শিক্ষকৰ নিকৃষ্ট কাণ্ড। শিক্ষকৰ যৌন কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী।তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানা অন্তৰ্গত হাতীঘুলি হাইস্কুলত সংঘটিত হৈছে এই চাঞ্চল্য়কৰ ঘটনাটো।

তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানা অন্তৰ্গত হাতীঘুলি হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকীক ছাত্ৰীক বিদ্যালয়ৰখনেৰে শিক্ষকক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । ধৰ্ষণৰ বলি হোৱা ছাত্ৰী গৰাকীৰ ন্যায় বিচাৰি অভিভাৱকে মঙলবাৰে নিশা স্থানীয় ধলা আৰক্ষী থানাত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে আজি ভিকো চেত্ৰী নামৰ শিক্ষকজনক গ্ৰেপ্তাৰ কৰে ৷

ঘটনা অনুসৰি, ছৈখোৱা অঞ্চলৰ কপাহতলি গাঁৱৰ নিবাসী সুনীল দাস আৰু দিপালী দাসৰ ১৪বছৰীয়া কিশোৰী হাতীঘুলি হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়ন কৰিছিল ৷ উক্ত বিদ্যালয়খনৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা ভিকো চেত্ৰীয়ে যোৱা ২৬ মে’ত ৰান্ধনী ঘৰত টোপনি ধৰা ঔষধ মিহলি কৰি ক’লড্ৰিংকচ খোৱাই বলপূৰ্ব্বক ধৰ্ষণ কৰা অভিযোগ উত্থাপিত হৈছে(Shocking Incident)।

ঘটনাৰ বিষয়ে কোনো লোকক অৱগত কৰিলে ধৰ্ষিতা ছাত্ৰী গৰাকীক অভিযুক্ত শিক্ষক গৰাকীয়ে হত্যাৰ ভাবুকি দিয়াৰ বাবে ঘটনাৰ বিষয়ে ছাত্ৰী গৰাকীয়ে পিতৃ-মাতৃ তথা কোনো লোকক অৱগত কৰোৱা নাছিল বুলি জানিব পৰা গৈছে ৷ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰা ছাত্ৰী গৰাকীয়ে যোৱা ৩ জুনত কীটনাশক ঔষধ খাই আত্মহত্যাৰ চেষ্টা কৰাত ছাত্ৰী গৰাকীক ততাতৈয়াকৈ ৰূপাই চাইডিঙৰ ডাঃ ডি চি বৰা নাৰ্ছিং হোমত ভৰ্তি কৰিব লগীয়া ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাটো পোহৰলৈ অহাত কালি নিশা ধৰ্ষিতা ছাত্ৰী গৰাকীৰ পিতৃয়ে ধলা থানাৰ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত শিক্ষক গৰাকীক আজি গ্ৰেপ্তাৰ কৰে ধলা আৰক্ষীয়ে ৷

আৰক্ষীয়ে Posco এক্টত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকে ধলা আৰক্ষী থানাৰ চৌহদত ভিৰ কৰে ৷ সমৱেত লোকসকলে আৰক্ষীৰ বাধাকো নেওচি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ উত্তেজিত লোকসকলে অভিযুক্ত শিক্ষকজনক বিনা চৰ্তে মোকলাই দিয়াৰ দাবী জনায় ৷ অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰী গৰাকীৰ অভিভাৱকে ভুৱা গোচৰ জাপি দিয়া হৈছে বুলিও অভিযোগ তোলে ৷

ইফালে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি নিৰ্যাতিত ছাত্ৰী গৰাকীক ন্যায় প্ৰদানৰ দাবীত শদিয়াৰ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে বিদ্যালয়খনৰ একাংশ শিক্ষকে উক্ত ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : WATCH | Cachar News : কাছাৰৰ উধাৰবন্দৰ ASEBৰ কন্ট্রোল ৰূমত বিধ্বংসী অগ্নিকাণ্ড