Local, Vocal, Global

WATCH | Elephant menace in Baksa : বাক্সাৰ দিহিৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

মুছলপুৰ,১১মে’ : বাক্সাৰ ভাৰত-ভূটান সীমান্তত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। জিলাখনৰ দিহিৰাত মঙলবাৰে নিশা বনৰীয়া হাতীৰ এটা জাকে তাণ্ডৱ চলাই কেবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত পশুধনৰ মৃত্যু হয় ৷

জানিব পৰা মতে, দিহিৰাৰ মোহন কেৰ্কেটা নামৰ লোকজনৰ বাসগৃহ চৌহদত প্ৰৱেশ কৰা হাতীৰ এটা বৃহৎ জাকে তিনিটাকৈ বাসগৃহ ভাঙি দিয়ে । লগতে বনৰীয়া হাতীৰ আক্ৰমণত পৰিয়ালটোৰ এটা পোহনীয়া ছাগলীৰ মৃত্যু হয় । পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে মোহন কেৰ্কেটাৰ ভড়ালৰ ধান, পাকঘৰৰ চাউল আৰু তামোল-কলগছৰ বাগান খাই তহিলং কৰে(lephant menace in Baksa)৷

বনৰীয়া হাতীৰ ভয়ত অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি উজাগৰে নিশা কটাবলগীয়া হৈছে ৷

উল্লেখ্য যে, দিহিৰা-ডুমুনী-অৰ্ণিবিল অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ বাবে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে ৷ যাৰ পৰিণতিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । ইয়াকে লৈ ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই বাক্সা জিলা বন বিভাগৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে ।

লগতে পঢ়ক : WATCH | Sonari News : পুৱা ৭.৩০ বজাৰে পৰা আৰম্ভ হ’ল বিদ্যালয়ৰ পাঠদান