WATCH | Utpal Sarma : বঙাইগাঁও জিলাৰ তুলুঙীয়াত আছুৰ কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ আছুৰ পতাকা উত্তোলন
বঙাইগাঁও,১০জুন : আজি বঙাইগাঁও জিলাৰ তুলুঙীয়াত অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ আছুৰ পতাকা উত্তোলন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে,অসমত এগৰাকীও অবৈধ বিদেশী থাকিব নোৱাৰিব। শেষৰজন অবৈধ বিদেশীক খেদি পঠিয়াব লাগিব(Utpal Sarma)।
ভাৰত-পাকিস্তানৰ সীমান্তৰ দৰে ভাৰত-বাংলাদেশৰ সীমান্ততো কটকটীয়া ব্যৱস্থা গঢ়ি তুলিব লাগে। কিয়নো ভাৰত-বাংলাদেশৰ সীমাইদি কেৱল অনুপ্ৰৱেশকাৰীয়েই নহয় মৌলবাদী-জেহাদীও প্ৰৱেশ কৰাৰ অভিযোগ। NRC শুদ্ধ ৰূপত উন্নীত কৰাৰ দাবী আছুৰ সভাপতিৰ।
গো-মাংসক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনৰ একাংশ স্থানত দেখা দিয়া আইন-শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হোৱা সন্দৰ্ভত উৎপল শৰ্মাই কয় যে, এয়া অসমৰ ঐক্য বিনষ্ট কৰা এক অপশক্তি বুলি তেওঁ সন্দেহ কৰাৰ লগতে এই কাণ্ডৰ লগত জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Sensational incident : অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা