Watch | Unusual incident at a rural health center with 30 beds in Sarthabari: সৰ্থেবাৰীৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত আজৱ ঘটনা
চেঙা: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলাবলগীয়া হৈছে চিকিৎসালয়। দুজন চিকিৎসা কৰ্মচাৰীৰে চলিছে চিকিৎসালয় তিনি দিন ধৰি নাই এজনো ডক্তৰ৷ সৰ্থেবাৰীৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ফপোলা স্বৰুপ৷
কেতিয়াবা যদি ডক্তৰ নাথাকে কেতিয়াবা নাথাকে নাৰ্চ৷মুঠতে বিপদে লগ নেৰে চিকিৎসালয় খনক৷ ডক্তৰ অবিহনে দুগৰাকী চিকিৎসা কৰ্মচাৰীৰে চলি আছে চিকিৎসা সেৱা৷
নিশাৰএজনো ডক্তৰ নাই চিকিৎসালয়খনত ৷ মেডিকেলৰ ইনচাৰ্জ চামচুল হ’কৰ হেমাহিতে এই পৰিৱেশ হোবা বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ নিশা যদি চিকিৎসালয়লৈ ৰোগী আহে তেতিয়া হলে ইয়াত নাই কোনো পৰ্যাপ্ত সুবিধা৷ আজি তিনিদিন ধৰি এইদৰে চলি আছে চিকিৎসালয়৷তাৰ পিছতো গা লৰা নাই স্বাস্থ্য বিভাগৰ।