Watch | The incidents of organized mob violence have been restructured in the state: ৰাজ্যত পুনৰ সংগঠিত হৈছে দলবদ্ধ গণপ্ৰহাৰৰ ঘটনা
গোসাইগাঁও : ৰাজ্যত পুনৰ সংগঠিত হৈছে দলবধ্য গণপ্ৰহাৰৰ ঘটনা। এইবাৰ দলবধ্য গণপ্ৰহাৰত ভুক্তভোগী হৈছে এজন নিৰিহ মাছমৰীয়া। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ঘটনাৰ মূল অভিযুক্ত কৰিম আলী নামৰ এজন দৰিদ্ৰ লোক।
এই ঘটনা সংঘটিত হৈছে গোঁসাইগাঁও মহকুমাৰ ভাওৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত সাতবিলত।জানিব পৰা মতে বুধবাৰে ৰাতি প্ৰায় ৮ মান বজাত সাতবিল গৰজান গাঁৱৰ কৰিম আলী আৰু মিথুন নাৰ্জাৰী নামৰ দুই মাজীয়ে গুৰুফেল নদীত মাছ মাৰিবলৈ গৈছিল।
পৰবৰ্তী সময়ত অঞ্চলটোৰ ১০ জনীয়া উদ্ভণ্ড যুৱকৰ দল এটাই পৰিকল্পিতভাবে হাতে হাতে লোৰ ৰড তথা চোকা অস্ত্ৰ কঢ়িয়াই চোৰ চোৰ বুলি চিঞৰি কৰিম আলী আৰু মিথুন নাৰ্জাৰীক আক্ৰমণৰ লক্ষ্যৰে খেদি আহে।
পৰিস্থিতিৰ উমান পাই তৎক্ষণাৎ মিথুন নাৰ্জাৰীয়ে পলাবলৈ সক্ষম হয় যদিও ৰক্ষা নাপালে কৰিম আলী। মূহুৰ্ততে উদ্ভণ্ড যুৱকৰ দলটোৱে লোকজনক গুৰুলগুৰুলকৈ দলবধ্য প্ৰহাৰ কৰি মৃত বুলি ভাবি তৎক্ষণাৎ পলায়ন কৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লোকজন। এই ঘটনাত মুঠ ৯ জন মূল অভিযুক্তৰ লগতে এজন সাংবাদিক প্ৰত্যক্ষভাবে লিপ্ত থকাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।