Local, Vocal, Global

Watch | Terrible road accident under the Dumduma police station: ডুমডুমা আৰক্ষী থানা অন্তৰ্গত ভয়ংকৰ পথ দুৰ্ঘটনা

ডুমডুমা: ডুমডুমা আৰক্ষী থানা অন্তৰ্গত বিছাকুপি চাহ বাগিচাৰ ফটিকজান ডিভিজনৰ বাগিচাৰ মাজেৰে নিৰ্মিত বাইপাছ পথত আজি নিশা এক পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে এজন আহত হয় ৷

নিহত যুৱকজন কাকপথাৰ গন্ধৈগুৰি গাঁৱৰ দিম্পল গোহাঁই (২২) বুলি প্ৰকাশ ৷ আহত হয় পেঙেৰীৰ ১ নং ডিব্ৰুজান গাঁৱৰ চিংকু শৰ্মা (২৪) নামৰ যুৱক এজন ৷

যুৱকদ্বয়ে পালছাৰ বাইকেৰে যাত্ৰাৰ পথত পথৰ মাজত শুই থকা এজাক গৰুক খুন্দিয়াই দুয়ো চিটিকি পৰে ৷ পথচাৰীয়ে আৰক্ষীক খবৰ দিয়া লগে লগে যুৱকদ্বয়ক ডুমডুমা এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসকে চিকিৎসা আৰম্ভ কৰা সময়তে দিম্পল গোহাঁইৰ মৃত্যু হয় ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিংকু শৰ্মাক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷