WATCH | Floods in Chapar : জেঠ মহীয়া বানৰ তাণ্ডৱে নিদ্ৰা হৰণ কৰিছে চাপৰৰ নৈ পৰীয়া লোকসকলৰ

চাপৰ,৫জুন : জেঠ মহীয়া বানৰ তাণ্ডৱে নিদ্ৰা হৰণ কৰিছে চাপৰৰ নৈ পৰীয়া লোকসকলৰ।
চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে লোকসকল।
চাপৰৰ তাৰাংগাপুৰ,ধীৰেৰচৰৰ বৃহত্তৰ অঞ্চলৰ খেতিয়কসকলে মূৰে কপালে হাত দিব লগীয়া হৈছে।
মূৰৰ ঘাম মাটিত পেলাই ধানৰ খেতি কৰা ধান সমূহ নিশাৰ ভিতৰতে পানীৰ তলত যোৱাত উপায়হীন হৈ পৰিছে খেতিয়কসকলে।
যিখিনি ধানৰ খেতি পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে সেইখিনি খেতি আগতীয়াকৈ চপোৱাত ব্যস্ত খেতিয়কসকল(Floods in Chapar)।
আনপিনে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকসকলে বিপদসংকুল ভাৱে যন্ত্ৰচালিত নাওৰে যাত্ৰা কৰিব লগা হৈছে।
বিগত সময়ছোৱাত চম্পাৱতী নৈত হাজাৰ হাজাৰ বিঘা ভূমি নদীত জাহ যোৱাৰ দৰে এইবেলিও চম্পাৱতী নৈৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে নৈ পৰীয়া লোকসকলে।
কিন্তু কাণষাৰ নাই স্থানীয় বিধায়ক ছামছুল হুদা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ।
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক নিৰ্বাচনত জয়ী কৰাই বহুত ভুল কৰিছে বুলি ৰাইজে ক্ষোভ উজাৰে।
চৰকাৰ তথা বিভাগীয় কতৃপক্ষক দুখীয়া খেতিয়ক সকলক কিছু সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।
লগতে পঢ়ক :WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা মই অনুসৰণ কৰিব বিচৰা নাই’