WATCH | Dalgaon News : ৰাজ্যত নেৰানেপেৰা বৰষুণ;বৰষুণৰ ফলত কৃষকৰ দুৰ্দশা

দলগাঁও,৫জুন : ৰাজ্যত যি নেৰানেপেৰা বৰষুণ, বৰষুণ আৰু বানপানী কৱলত শ শ বিঘা জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ পাচলি খেতি নষ্ট । পচি নষ্ট হৈছে জলকীয়া খেতি। লাখ লাখ টকা লোকচান খাতি খোৱা কৃষকৰ । মুৰে কপালে হাত কৃষকৰ(Dalgaon News)।
বিগত কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙতো অব্যাহত আছে ধাৰাষাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ দলগাঁও সমষ্টিৰ শ্যামপুৰ খেৰণী চাপৰি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পাচলিৰ লগতে বিঘাই বিঘাই জলকীয়া খেতি নষ্ট হৈছে । প্ৰতি বিঘাত ২০-২৫ হাজাৰ টকা খৰচ কৰি কৃষকে কৰা শ শ বিঘা জলকীয়া খেতি পকিবলৈ ধৰাৰ সময়তে মুষলধাৰ বৰষুৰ ফলত ধনশ্ৰী নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰে কেইবাখনো গাৱৰ শ শ বিঘা পকা জলকীয়া খেতি।
লাখ লাখ টকা লোকচানৰ সন্মুখীন হোৱা এই সকল কৃষকে আশাৰে অপেক্ষা কৰিছে চৰকাৰী সহায় সাহায্য লৈ । এই সকলৰ প্ৰতি সুদৃষ্টি পৰিব নে চৰকাৰৰ বৰমুৰীয়া সকলৰ।
লগতে পঢ়ক : WATCH | World Environment Day : জামুগুৰিহাটৰ তৌভঙা জীয়া ভৰলী পাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন