WATCH | Teok News : বীৰ লাচিত সেনাৰ ৰোষত পৰিল এজন যুৱক

টীয়ক,৪জুন : যেতিয়া কোনো সমাজ বিৰোধী অথবা জাতি বিৰোধী কাম-কাজ এটা জাতীয় সংগঠনৰ দৃষ্টিগোচৰ হয়, তেতিয়া সংগঠনটোৱে সেই বিষয়টো প্ৰশাসন, চৰকাৰৰ দৃষ্টিগোচৰ কৰাতো দায়িত্ব অথবা কৰ্তব্য। কিন্তু সেয়া নকৰি নিজেই আইন হাতত তুলি ললে,সেই কাৰ্য কোনো লোকে সহজভাৱে নলয়(Teok News)। তেনে এক ঘটনা সংঘটিত হৈছে টীয়কত।
এগৰাকী আহোম সম্প্ৰদায়ৰ যুৱকক সাধাৰণ এক ঘটনাৰ বাবে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ বিৰুদ্ধে। বীৰ লাচিত সেনাৰ কেইগৰাকীমান তথাকথিত নেতাই বিৰক্ত গগৈ নামৰ এইজন যুৱকক আঁঠু কঢ়াই,কাণত ধৰাবলৈ বাধ্য কৰা ঘটনা সংঘটিত হৈছে।
আচলতে কি অপৰাধ কৰিছিল বিৰক্ত গগৈ নামৰ এই জন যুৱকে। সামাজিক মাধ্যমত এটা কমেণ্ট কৰাৰ কাৰণেই আক্ৰমণৰ বলী হ’ল নেকি এইজন অসমীয়া যুৱক?
লগতে পঢ়ক : WATCH | Assam Floods : দেৰগাঁৱত বানে লৈছে ভয়াৱহ ৰূপ