WATCH | Jagiroad News : জাগীৰোডৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি নাকচ কৰিবলৈ ওলাই আহিল স্থানীয়লোক
জাগীৰোড,৪জুন : জাগীৰোডৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি নাকচ কৰিবলৈ ওলাই আহিল স্থানীয়লোক। চৰকাৰৰ বদলিকৰণৰ নিৰ্দেশৰ পিচতেই শিক্ষাৰ্থীৰ প্ৰতিবাদ। জাগীৰোডৰ উদমাৰি বড়ো প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।
হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যি সময়ত চৰকাৰী শিক্ষাব্যৱস্থা সৰ্বত্ৰে সমালোচিত হৈছে, তেনে সময়তে জাগীৰোডৰ উদমাৰি বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জয়ন্ত ৰাম বড়োক দিয়া বদলিৰ নিৰ্দেশত ক্ষুব্ধ অভিভাৱক আৰু শিক্ষাৰ্থী সমাজ। যাৰ বাবে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিল স্থানীয় ৰাইজ(Jagiroad News)।
ৰাইজৰ অভিযোগ বিভাগে কোনো ক্ষেত্ৰ ভিত্তিক অধ্যয়ণ নকৰাকৈ লৈছে এই হঠকাৰী সিদ্ধান্ত,যাৰ বাবে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিছে। প্ৰধান শিক্ষক সহিতে তিনিগৰাকী শিক্ষকেৰে চলি থকা বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰে পৰা অতি নিস্বাৰ্থ ভাৱে শিক্ষাদান কৰি অহা জয়ন্ত ৰাম বড়োক সেয়েহে বিদ্যালয়ৰ পৰা যাব নিদিয়ে ৰাইজে। অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰা এইগৰাকী প্ৰধান শিক্ষকৰ বদলিকৰণ কোনো পধ্যেই মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি কৰ্তৃপক্ষক এই নিৰ্দেশ বাতিল কৰাৰ দাবী ক্ষোভিত ৰাইজৰ।
যদি এই নিৰ্দেশ কাৰ্যকৰী হয় তেনেহ’লে অনাগত দিনত ৰাইজে বিদ্যালয়ত তলা বন্ধৰ দৰে কাৰ্যসূচী হাতত লোৱা হ’ব বুলি সকীয়াই দিয়ে। লগতে দুখীয়া শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকাকো বিষয়টোত হস্তক্ষেপৰ আহ্বান ৰাইজৰ।
লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ মিলপাৰাত কলাজল নৈৰ তাণ্ডৱ